Importance Of Walking Habit: যান্ত্ৰিক জীৱনত মানুহ ইমানেই ব্যস্ত হৈ পৰিছে যে মানুহে খোজ(Walking) কাঢ়িবলৈ পাহৰি যোৱাৰ দৰে হৈছে । বাহনৰ জৰিয়তে চাল-চলনত গুৰুত্ব আৰোপ কৰাৰ ফলত শাৰীৰিক পৰিশ্ৰমৰ পৰা বহু দূৰত অৱস্থান কৰিছে বহুতে(Walking for good health) ।ছুইডেনৰ কালমাৰ বিশ্ববিদ্যালয়ৰ(Kalmar University of Sweden) ১৪জন গৱেষকৰ এক অধ্যয়নত প্ৰমাণিত হৈছে যে, খোজ কঢ়াৰ ফলত আমি বহু ৰোগৰ পৰা হাত সাৰিব পাৰো । গৱেষণাটোত লগতে কোন বয়সৰ এজন ব্যক্তিয়ে দৈনিক কিমান খোজ কাঢ়িব লাগে সেয়াও উল্লেখ কৰা হৈছে ।যদি বয়স অনুসৰি দৈনিক এই পদক্ষেপ গ্ৰহণ কৰা হয়, তেন্তে কেৱল ওজন নিয়ন্ত্ৰণ কৰাই নহয় বহু ৰোগ নিয়ন্ত্ৰণলৈ আনিব পৰা যায় ।লাগেএই গৱেষণা মতে, ০৬ বছৰৰ পৰা ১৭ বছৰ বয়সৰ ল’ৰাই এদিনত ১৫০০০ আৰু ছোৱালীয়ে ১২০০০ খোজ দিয়া উচিত ।
নিশাৰ আহাৰ খোৱাৰ পিছত চাহ একাপ খোৱাৰ অভ্যাস বহু লোকৰে আছে। বিশেষকৈ ঠাণ্ডাৰ দিনৰ ৰাতিৰ সাঁজ আহাৰৰ পিছত বহুতে একাপ খাবলৈ মন কৰে আৰু বহুতে একাপ চাহ খায়ো।
কিন্তু চিকিৎসকসকলৰ মতে ৰাতি ভাত-পানী খাই উঠাৰ পিছত চাহ খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়। কাৰণ চাহ পাতৰ অম্লীয় গুণ আছে আৰু আহাৰৰ লগত থকা প্ৰোটিনৰ সৈতে এই আম্লীয় দ্ৰব্য মিহলি হয়। তেতিয়া খাদ্যৰ পৰা পাব পৰা প্ৰোটিন শৰীৰ তন্ত্ৰই গ্ৰহণ কৰিব নোৱাৰা হয়।
অহাৰ খোৱাৰ ক্ষন্তেক পিছতে চাহ খালে খাদ্যখিনি আমাৰ পাচন তন্ত্ৰই হজম কৰাত যথেষ্ট কষ্ট কৰিব লগা হয়। সেই কাৰণে আহাৰ খোৱাৰ ক্ষন্তেক পিছতে চাহ খোৱাটো বাদ দিব পাৰিলে ভাল।
এনেদৰে ৰাতি আহাৰ গ্ৰহণৰ পিছত চাহ খালে ই অভ্যাসত পৰিনত হয়গৈ আৰু পিছলৈ এই অভ্যাসৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
ঠাণ্ডা পানীও পৰাপক্ষত নেখাব –
আহাৰ খোৱাৰ পিছত বেছি পৰিমাণে পানী খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া। কাৰণ আহাৰ খোৱাৰ পিছত আমাৰ শৰীৰৰ তাপমান আটাইতকৈ বেছি হয়গৈ আৰু সেইখিনি সময়ত আমাৰ পাচন তন্ত্ৰই আমি খোৱা খাদ্যবোৰ হজম কৰাত ব্যস্ত হৈ থাকে।
সেইকাৰণে সেইখিনি সময়ত আমাৰ বেছিকৈ পিয়াহ লাগে। আপুনি কুহুমীয়া গৰম পানী, আহাৰ খোৱাৰ মাজতে বা আহাৰ খোৱাৰ পিছতেগ অলপ পৰিমাণে খাব পাৰে। কিন্তু পিয়াহ লাগিছে বুলিয়েই আপুনি ঠাণ্ডা পানী একেবাৰে নেখাব।
ধূমপান নকৰিব –
যিসকল লোকৰ ধপাত, ধপাতজাত সামগ্ৰী খোৱাৰ অভ্যাস কৰিছে, তেওঁলোকে আহাৰ খোৱাৰ ক্ষন্তেক পিছতে অলপমান ধপাত বা এটা চিগাৰেট খোৱা ইচ্ছা কৰে। কিন্তু ধপাত বা ধপাতজাত সামগ্ৰী সেৱন কৰাটো এনেয়ে স্বাস্থ্যৰ পক্ষে হানিকাৰক।
আহাৰ খোৱাৰ পিছত ধপাতজাতীয় সামগ্ৰী সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে দহগুণ বেছি অপকাৰী। সেয়ে ধপাত বা ধপাতজাত সামগ্ৰী সেৱন পাৰ্যমানে ত্যাগ কৰাটো শৰীৰৰ কাৰন উপকাৰী।
কম মাত্ৰাত এলাহ কৰক –
সাধাৰণতে হাতত বেছি কাম থাকিলে বা বন্ধৰ দিনত কৰিবলগা কাম নেথাকিলে, দিনৰ সাঁজ ভাত-পানী খাই উঠাৰ পিছত এলাহে জুমুৰি দি ধৰে আৰু বিছনাখনত এবাগৰ নেমাৰিলে বন্ধৰ দিনত জিৰণি লোৱা যেন অনুভৱ নকৰে।
সেয়ে অধিকাংশ লোকেই বন্ধৰ দিনা দুপৰীয়া অকণমান শুৱে। কিনলতু বন্ধৰ দিন বুলি ৰাতি ভাত-পানী খাই উঠি, দিনৰ সেই এলাহৰ গইনা লৈ সোনকালে শুবলৈ যোৱাটো কোনোপধ্যে মানি ল’ব পৰা নেযায়।
সাধাৰন কামৰ দিনতে হওক বা বন্ধৰ দিনতে হওক, ৰাতি আহাৰ খাই উঠি অতি কমেও দুঘন্টা সময়ৰ পিছতহে শুবলৈ যাব লাগে।
কিন্তু দিনত যদি বিশেষ কাম নেথাক, তেনেহ’লে দুপৰীয়া খাই উঠি এঘুমতি মৰাটো স্বাস্থ্যৰ বাবে ভাল বুলি ধৰা হয়।